Silajit Minerals benefits চিলাজিত
পাহাৰৰ ঘাম শিলাজিত খনিজ লৱন নগণ্য হলেও সংগ্ৰহ কৰাৰ প্ৰয়াস ৷ #স্থান_দেউদুৱাৰ পাহাৰ বাইহাটা চাৰিআলিত ৷ #শিলাজিত : শিলাজিত বিভিন্ন প্ৰকাৰৰ ব্যাধিনাশক উৎকৃষ্ট ৰসায়ন। মানৱ শৰীৰত হোৱা বিভিন্ন ৰোগত শিলাজিতযুক্ত ঔষধ প্ৰয়োগ কৰা হয়। শৰীৰৰ শৰ্কৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অপৰিসীম। এই শিলাজিত নেপাল, ভূটান, তিব্বত, কাশ্মীৰ আদিৰ পৰ্বতত প্ৰচুৰ পৰিমাণে পোৱা যায়। পৰ্বতৰ গুহাৰ দৰে শিলাখণ্ডত শেলাইৰ দৰে ডাঠ আৱৰণৰ সৃষ্টি হয়। এই শেলাইভাগ জাৰকালি বেছিকৈ গোট মাৰি থাকে। মে’, জুন আৰু জুলাই মাহৰ গৰম অহাৰ লগে লগে এই শেলাইবিলাক গলিবলৈ আৰম্ভ কৰে। এই গলিত পদাৰ্থসমূহ একত্ৰিত হৈ ধুনা গছত ধূনা ওলমি থকাৰ দৰে ওলমি শিলাখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰে। সংগ্ৰাহকসকলে ইয়াক পনীৰৰ দৰে টুকুৰা- টুকুৰা কৰি সংগ্ৰহ কৰি ৰাখে। সেই কাৰণে এই শিলাজিতক শৈলনিৰ্যাস, শৈলেয় বা গিৰিজ বুলিও জনা যায়। শিলাজিতে আমাৰ শৰীৰৰ অতিৰিক্ত অদৰকাৰী মেদ (ফেট)বৃদ্ধি পালে তাক নিৰাময় কৰে। সেয়েহে ইয়াক জণ্ডিচ ৰোগৰ পিছত দেখা দিয়া ৰোগৰ উপসৰ্গসমূহ দূৰ কৰাত সহায় কৰে। সেয়েহে ই আমাৰ দেহৰ মস্তিষ্কৰ দুৰ্বলতা, প্ৰমেহ, মধুমেহ, মৃগীৰোগ, উন্মাদ, ৰক্তপ্ৰদৰ (মন ৰেজিয়া) শ্...