Silajit Minerals benefits চিলাজিত
পাহাৰৰ ঘাম শিলাজিত খনিজ লৱন নগণ্য হলেও সংগ্ৰহ কৰাৰ প্ৰয়াস ৷ #স্থান_দেউদুৱাৰ পাহাৰ বাইহাটা চাৰিআলিত ৷
#শিলাজিত :
শিলাজিত বিভিন্ন প্ৰকাৰৰ ব্যাধিনাশক উৎকৃষ্ট ৰসায়ন। মানৱ শৰীৰত হোৱা বিভিন্ন ৰোগত শিলাজিতযুক্ত ঔষধ প্ৰয়োগ কৰা হয়। শৰীৰৰ শৰ্কৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অপৰিসীম। এই শিলাজিত নেপাল, ভূটান, তিব্বত, কাশ্মীৰ আদিৰ পৰ্বতত প্ৰচুৰ পৰিমাণে পোৱা যায়। পৰ্বতৰ গুহাৰ দৰে শিলাখণ্ডত শেলাইৰ দৰে ডাঠ আৱৰণৰ সৃষ্টি হয়। এই শেলাইভাগ জাৰকালি বেছিকৈ গোট মাৰি থাকে। মে’, জুন আৰু জুলাই মাহৰ গৰম অহাৰ লগে লগে এই শেলাইবিলাক গলিবলৈ আৰম্ভ কৰে। এই গলিত পদাৰ্থসমূহ একত্ৰিত হৈ ধুনা গছত ধূনা ওলমি থকাৰ দৰে ওলমি শিলাখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰে। সংগ্ৰাহকসকলে ইয়াক পনীৰৰ দৰে টুকুৰা- টুকুৰা কৰি সংগ্ৰহ কৰি ৰাখে। সেই কাৰণে এই শিলাজিতক শৈলনিৰ্যাস, শৈলেয় বা গিৰিজ বুলিও জনা যায়।
শিলাজিতে আমাৰ শৰীৰৰ অতিৰিক্ত অদৰকাৰী মেদ (ফেট)বৃদ্ধি পালে তাক নিৰাময় কৰে। সেয়েহে ইয়াক জণ্ডিচ ৰোগৰ পিছত দেখা দিয়া ৰোগৰ উপসৰ্গসমূহ দূৰ কৰাত সহায় কৰে। সেয়েহে ই আমাৰ দেহৰ মস্তিষ্কৰ দুৰ্বলতা, প্ৰমেহ, মধুমেহ, মৃগীৰোগ, উন্মাদ, ৰক্তপ্ৰদৰ (মন ৰেজিয়া) শ্বেতপ্ৰদৰ (লিওকবিয়া) আদিত প্ৰয়োগ কৰা হয়। মধুমেহ ৰোগত সঘনাই প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱৰ জ্বলন, প্ৰস্ৰাৱ নলীৰ পোৰণি আদি ৰোগত ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।
এই শিলাজিত ৪ প্ৰকাৰৰ, যেনে- স্বৰ্ণ (ৰক্ত বৰ্ণৰ), (ৰৌপ্য বগা বৰণৰ), তাম্ৰ (উজ্জ্বল সোণালী বৰণৰ), লৌহ (ক’লা বৰণৰ)। লৌহ ক’লা ৰঙৰ শিলাজিত সকলোতকৈ উত্তম। শিলাজীত স্ত্ৰী-পুৰুষ উভয়ৰে তৰল ধাতু গাঢ় আৰু সজীৱ কৰি তোলে। পক্ষান্তৰ, মনৰ স্থিৰতা বঢ়ায় আৰু ব্ৰহ্মচাৰ্য ৰক্ষাত সহায় কৰে। অবিবাহিত হৈ ব্ৰহ্মচাৰ্য মাৰ্গত থকা অভিলাষেৰে অসম আয়ুৰ্বেদিক প্ৰডাক্টছৰ ঔষধ প্ৰস্তুতকৰ্তা সিদ্ধ পুৰুষ এগৰাকীয়ে শিলাজিতযুক্ত চন্দ্ৰ প্ৰভাৱতী দৈনিক সেৱন কৰি নিৰোগী জীৱন যাপন কৰা আমি প্ৰত্যক্ষ কৰিছিলো। এতিয়াও শিলাজিতযুক্ত ইনচুপ্লাচে ডায়েবেটিছ ৰোগত প্ৰচুৰ সমাদৰ লাভ কৰিছে। এই শিলাজিত জধে-মধে খাব নালাগে। ইয়াক গব্যদুগ্ধ আৰু ত্ৰিফলাৰ ক্কাথত শোধন কৰা হয়। এইদৰে পৰিশোধিত হোৱাৰ পিছতহে ইয়াক খাব পাৰি বা ঔষধত প্ৰয়োগ কৰা হয়
Comments
Post a Comment